কুমাৰ কিশোৰৰ উপন্যাসত মনস্তত্ত্বঃ ড° বীণা নাথ


কুমাৰ কিশোৰৰ উপন্যাসত মনস্তত্ত্বঃ ড° বীণা নাথ,Psychology in Kumar Kishore's Novel



আসন্ন স্বাধীনতা-উত্তৰ কালৰ পৰা কুমাৰ কিশোৰে উপন্যাস লিখিবলৈ লৈছিল৷ সত্তৰৰ দশকলৈ কুমাৰ কিশোৰৰ উপন্যাসৰ এচাম গুণগ্ৰাহী পঢ়ুৰৈ সৃষ্টি হৈছিল৷ সাহিত্য সমালোচকৰ বৌদ্ধিক আঁওতাৰ পৰা বহুলাংশে দূৰত থাকিও প্ৰায় কুৰিখনতকৈয়ো অধিক উপন্যাস ৰচনা কৰিছিল৷ শতাব্দীৰ স্বপ্ন (১৯৫২), শিখাব কঁপনি (১৯৫৪) আদি তেখেতৰ প্ৰথম পৰ্বৰ উপন্যাস৷ বাহ্যিক আৰু প্ৰদৰ্শনকামী সংস্কাৰত নিমজ্জিত সবলৰৈখিক জীৱনশৈলীৰ অনুগামী অসমীয়া সমাজত এই উপন্যাস দুখনে ভূইকঁপৰেই সৃষ্টি কৰিছিল- যাৰ বাবে উপন্যাস নিষিদ্ধকবণব দবে বিষবাণো তেখেতলৈ নিক্ষেপ কৰা হৈছিল৷ দ্বিতীয় পৰ্বত তেওঁ উপন্যাস ৰচনাশৈলী সলনি কবে৷ এমুঠি তবাৰ জিলিমিলি (১৯৬৫) বন্যা টৌত ব-দ্বীপ (১৯৬৬) কিংকিণীৰ কলংক (১৯৭০) আদি উপন্যাস দ্বিতীয় পৰ্বৰ অৰ্ন্তভুক্ত৷ ভয়, আতংক, শিহবণমিশ্ৰিত থ্ৰিলাবসদৃশ কবৰ আৰু কংকাল (১৯৬৪) এবাসুতিৰ স্মৃতি (১৯৬৬) মৌন ক্ৰন্দন (১৯৬৭) আদি তৃতীয় পৰ্বৰ সৃষ্টি৷

উপন্যাসৰ বিষয় নিৰ্বাচনত দক্ষতাৰ পৰিচয় দিয়া কুমাৰ কিশোবে পঢ়ুৱৈৰ কচি-অভীৰুচিব লগতে পাশ্চাত্য, সাহিত্য-উন্মেষিত তাত্ত্বিক দিশতো সন্ধানী দৃষ্টি বাখিছিল৷ মধ্যবিত্ত সমাজত যৌন বাভিচাৰ, অৱক্ষয়কামী যুৱ মানসিকতা, দুৰ্নীতিপ্ৰৱণ চৰকাৰ ব্যবস্থা, প্ৰেম, ফেণ্টাচী, মনোবিকলন আদি বৈবিধ্য সামৰি স্বপ্নাবয়বী তেওঁৰ উপন্যাস- শিল্পই যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল৷ প্ৰচলিত উপন্যাসীয় পৰম্পৰাত দৃশ্যমান নায়ক-নায়িকা কুমাৰ কিশোৰৰ উপন্যাসত পাবলৈ নাই৷ কোনো বিবদমান সমস্যাৰ সমাধানত উপন্যাসৰ কথাকাৰ নায়ক আৰু লেখকৰ অভিব্যক্তি একাকাৰ হৈ পৰাতো কুমাৰ কিশোৰৰ উপন্যাসত সততে বিদ্যমান৷ অযৌক্তিক-অপ্ৰয়োজনীয় কথোপকথন আৰু বৰ্ণনাই কেইবাখনো উপন্যাসৰ ভাৰসাম্য বিনষ্ট কৰিছে৷ তৎসত্ত্বেও সচেতন লেখকে সাহিত্যৰ কলাগত দিশৰ লগতে পঢ়ুবৈৰ বসগ্ৰাহীতাৰ লগতো আত্মীয়তা স্থাপন কৰিব পৰাৰ গুণতে কুমাৰ কিশোৰৰ উপন্যাসৰ পঢ়ুৱৈৰ অভাৱ নহয়৷ মনস্তত্ত্বভিত্তিক উপন্যাস ৰচনাৰ ক্ষেত্ৰত কুমাৰ কিশোৰৰ কৃতিত্ব বিদ্বৎ মহলতো চৰ্চিত৷ মনোৰোগগ্ৰস্ত চবিত্ৰক উপন্যাসৰ পাত্ৰৰূপে প্ৰক্ষেপ কৰি চিকিৎসা-মনোবিজ্ঞানৰ আধাৰত এমুঠি তৰাৰ জিলিমিলি, কিংকিণীৰ কলংক আদিৰ দৰে সুখপাঠ্য উপন্যাস ৰচনা কৰি দায়বদ্ধতাৰ পৰিচয় দিছিল৷ কুমাৰ কিশোৰ প্ৰধানকৈ প্ৰভাবিত হৈছিল ফ্ৰয়েডীয় মনস্তত্ত্বব দ্বান্দ্বিক সূত্ৰক দ্বাৰা৷

মনোবিজ্ঞানৰ পিতৃৰূপে পৰিচিত ছিগমণ্ড ফ্ৰেয়েডৰ দ্বাৰা মনৰ ৰহস্যময় জগতখন ন-কৈ আবিষ্কৃত হোৱাৰ পশ্চাত্যবৰ্তী কালত সৃষ্টিশীল সাহিত্যত অধুনা প্ৰচলিত মনস্তত্ত্বৰ পুনৰ্বিন্যাস ঘটিছিল৷ মনস্তত্ত্বৰ নব্য অভিধাৰে পুনৰুজ্জীবিত এই কালছোৱাত চৰিত্ৰৰ মানসিক দ্বন্দ্ব্ব, অন্তৰ্মুখীনতা, অভ্যন্তৰীণ সংঘাত উপন্যাসৰ বিষয়বস্তুৰূপে চিত্ৰায়িত হৈছিল৷ চিকিৎসক হিচাপে ফ্ৰয়েডে লগ পোৱা বহুতো বোগী মানসিক সংঘাতজনিত কাৰণত ৰুগীয়া হৈ পৰিছিল৷ সামাজিক জীবন এটা সুশংখলভাবে অতিবাহিত কৰাৰ স্বাৰ্থত ব্যক্তিমনৰ অবদমিত ইচ্ছাবোৰ অবচেতন স্তৰত ৰৈ যায়৷ নিজৰ অজ্ঞাতেই অবদমিত স্পৃহাই ব্যক্তিমনক পৰিচালিত কৰে৷ মনস্তত্ত্বৰ এই সত্যক কুমাৰ কিশোৰে এমুঠি তৰাৰ জিলিমিলি উপন্যাসত দাঙি ধৰিছে৷

এমুঠি তৰাৰ জিলিমিলি উপন্যাসত লেখকে কাহিনীৰ আঁত ধৰোঁতা ডাক্তৰ পলাশৰ ভূমিকাত অৱতীৰ্ণ হৈছে৷ জীৱনৰ কঠিন পৰিস্থিতিত বিভ্ৰান্ত হৈ পৰা প্ৰৱজ্যোতি দুৱৰা, ডাঃ বেদান্ত বিকাশ বৰুৱা, অনুপম কোঁৱৰ, স্মৃতিকণা কোঁৱৰ, নীহাৰ ভানু দত্ত আৰু যুতিমালা মনোবিকলনত ভোগা ৰোগী৷ উপন্যাসখনৰ ভালেমান পৃষ্ঠা ফ্ৰয়েডৰ দ্বৰা আবিষ্কৃত মনৰ তিনিতৰপীয়া অৱস্থিতিক জ্ঞানগৰ্ভ বক্তৃতাবে ভাৰাক্ৰান্ত৷ অৱশ্যে সাধাৰণ পঢ়ুৱৈক চেতন আৰু অৱচেতন মনৰ আভাস দিব বিচৰাও ইয়াৰ এটা উদ্দেশ্য৷

ধ্ৰুৱজ্যোতি দুৱৰা নিজৰ সহযোগী বন্ধুৰ দ্বাৰা প্ৰতাৰিত হৈছে৷ সমাজৰ প্ৰতি থকা ক্ৰোধ, হতাশা, অভিমান ধ্ৰুবজ্যোতিৰ অতিকথনত স্পষ্ট৷ ডাঃ বেদান্ত বিকাশে স্মৃতিকণা কোঁৱৰ স্বামীৰ মৃত্যুৰ ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰি বিবেকবোধ (super ego)ব পীড়াত নিজকে অপৰাধী অনুভৱ কৰিছে৷ স্মৃতিকণা কোঁৱৰে সন্তান জন্ম দিবলৈ অক্ষম স্বামীক বনদৰব খুৱাই দিয়াত অকাল মৃত্যুক সাবটি লয়৷ সন্তানৰ আকাংক্ষাত উদ্বাউল স্মৃতিকণাই এই ঘটনাৰ পিছত কোনো শিশুকেই সহ্য কৰিব নোৱাৰা হ'ল৷ স্মৃতিকণাৰেই দেওৰেক অনুপম কোঁৱৰৰ মনত আছে নাৰীৰ প্ৰতি অহেতুক ভয় (phobia)৷ মধ্যবিত্তীয় ইগো আৰু পাৰিবাৰিক অনুশাসনহীনতাই নাৰী হত্যাকাৰীলৈ পৰিণত কৰা নীহাৰ ভানুৰে স্বেচ্ছাই মানসিক চিকিৎসালয়ত মনোৰোগীৰ অভিনয় কৰিবলৈ লয়৷ প্ৰেমত প্ৰতাৰণাৰ বলি হোৱা যুতিমালা হৈ পৰে নিৰ্বাক-নিস্পন্দ প্ৰস্তৰ মূৰ্তিসদৃশ৷ লেখকে যুতিমালাৰ কাহিনীৰ সৈতে কষ্টকল্পিত সৰ্প-কাহিনী এটি সম্পৃক্ত কৰিছে৷ মনোবিজ্ঞানত সাপক যৌনতাৰ প্ৰতীকৰূপে বৰ্ণনা কৰা হৈছে৷ (গবেষণা-গ্ৰন্থ/পৰিবুল দেৱী) লগতে খাপচৰাকৈ সাপ সংক্ৰান্তীয় লোকবিশ্বাস স্বল্পকাহিনী এটাও বৰ্ণিত হৈছে যদিও মনস্তত্ত্বৰ সৈতে ইয়াৰ কোনো পোনপটীয়া সম্পৰ্ক দেখা নাযায়৷ উপন্যাসখনৰ মনোৰোগগ্ৰস্ত পাত্ৰকেইগৰাকীক ডাক্তৰ পলাশে বিধিৰত মনোবৈজ্ঞানিক চিকিৎসাৰে সুস্থ কৰি তুলিছে৷ সাধাৰণ পঢ়ুৱৈক মনোৰোগৰ কাৰণ, উৎস আৰু নিৰাময়ৰ জ্ঞান দিয়াৰ বাবে এই চিকিৎসাপদ্ধতিক ব্যৱহাৰ কৰা হৈছে৷ মানুহৰ মনৰ অধিকাংশই অবচেতন (subconscious) আৰু অচেতন (unconscious) মন৷ সজ্ঞান বা সচেতন (conscious) মনৰ বিপৰীতে নিৰ্জান মনত সঞ্চিত হৈ থাকে অবদমিত ক্ষোভ, হতাশা, ঈৰ্ষা, প্ৰতিহিংসা, প্ৰেম, যৌনতা, হত্যাস্পৃহা, ভয়, অপৰাধবোধ আদি৷ মনস্তত্ত্ববিজ্ঞানৰ এই পৰিভাষাক উপন্যাসখনত উপস্থাপনৰ সাৰ্থক প্ৰয়াস লেখকে কৰিছে৷ উপন্যাসখনত কেইবাটাও চৰিত্ৰই আত্মহত্যা কৰিছে আৰু আত্মহত্যাৰ প্ৰৱণতাও অৱদমিত অপৰাধবোধৰ ভাবনাৰ পৰা উদ্ভূত৷ “অপ্ৰকাশিত গভীৰ বেদনা আৰু কামনাৰ পুনঃ পুনঃ চিন্তাই সুস্থ মানুহৰ মগজুত স্নায়ুমণ্ডলী দুৰ্বল কৰি পেলায়৷ আৰু তেতিয়া সেইসকল লোকৰ মনলৈ আহে বিস্মৃতি৷ এই বিস্মৃতিয়েই জন্ম দিয়ে

বলিয়ালীৰ৷' (পৃঃ ৩০) 'উন্মাদ আৰু আত্মহত্যাকাৰী- দুয়ো শ্ৰেণীৰ লোকেই মানসিক সুস্থাতাৰ দাবী কৰিব নোৱাৰে৷' সপোন আৰু অৱচেতন মনৰ সম্পৰ্কও উপন্যাসখনত প্ৰসংগক্ৰমে উল্লেখ কৰিছে৷ ডাঃ অংকুৰে কথাকাৰৰ ভূমিকাত অৱতীৰ্ণ হৈ কিংকিণীৰ কলংক কাহিনীভাগ বৰ্ণনা কৰিছে৷ অন্তস্মৃতিৰ অতলতলিত সোমাই থকা প্ৰাক্তন প্ৰেমিকৰ স্মৃতি মৌচুমী বা কিংকিণীৰ অস্বাভাৱিক আচৰণৰ কাৰণ হিচাপে উপন্যাসখনত বৰ্ণিত হৈছে৷ মৌচুমীয়ে প্ৰাক্তন প্ৰেমিক শান্তনুৰ প্ৰত্যাখ্যান সহ্য কৰিব নোৱাৰি শান্তনুৰ কপালত আঘাত কৰিছিল৷ স্বভাবসুলভ প্ৰগলভতাৰে কংকন কাকতিৰ পত্নী হোৱা মৌচুমীয়ে আকস্মিকভাবে গভীৰ নিদ্ৰাত নিজৰেই চকুত আঘাত কৰিবলৈ ল'লে৷ চিকিৎসা সূত্ৰে ডাক্তৰ অংকুৰৰ সান্নিধ্যত এসময়ত মৌচুমীয়ে নিজৰ অতীত কাহিনী ব্যক্ত কৰে৷ শান্তনুক আঘাত কৰাৰ ফলত মৌচুমীৰ অৱচেতন মনত থুপ খাই গৈছিল অপৰাধবোধ (guilt sense)ৰ আড়ষ্টতা৷ ডাক্তৰ অংকুৰক দ্বৈত ব্যক্তিত্বৰ প্ৰতিভু ৰূপত পোৱা যায়৷ এফালে লোভ-লালসা, প্ৰতিকূলতাত স্বেচ্ছাই পৰাজিত হৈছে যদি আনফালে অনুশোচনা আৰু মানসিক দ্বন্দ্ব্বত জৰ্জৰ স্বৰূপটোকো উদ্ভাসিত কৰি তুলিছে৷ ডাক্তৰ অংকুৰৰ দৰেই দ্বৈত ব্যক্তিত্ব (Dual personality) মৌচুমীৰ প্ৰাক্তন প্ৰেমিক শান্তনুৰ৷ শান্তনুৱে মৌচুমীৰ দৰে সুন্দৰী গাভৰুক প্ৰত্যাখ্যান কৰাৰ মূলতে আছিল অভ্যন্তৰত পিয়াপী দি থকা প্ৰতিহিংসা৷ মৌচুমীক প্ৰত্যাখ্যান কৰি শান্তনুও অন্তৰ্দ্বন্দ্ব্বত জৰ্জড়িত হৈছিল৷ উপন্যাসখনত অৱচেতন মনত পীড়াৰ সৃষ্টি কৰা প্ৰবৃত্তিসমূহক মনস্তত্ত্বৰ আধাৰত সজাই তোলা হৈছে৷ মৌচুমীৰ মনত পীড়া কৰা অপৰাধী মনোভাবক ইয়াত নৈতিক অপৰাধ (moral guilt) হিচাপে প্ৰক্ষেপ কৰিছে৷

মুক্ত যৌনতাক সাহসেবে উপন্যাসৰ ৰূপ দিয়ে শতাব্দীৰ স্বপ্ন উপন্যাসত৷ যৌনতা জীৱ মাত্ৰৰে শাৰীৰিক প্ৰবৃত্তি৷ মানুহৰ ক্ষেত্ৰত এই প্ৰবৃত্তিক নৈতিকতাৰ দোহাই দি' অৱদমিত কৰি ৰখা হয়৷ উপন্যাসখনত অশান্ত বৰুৱা কৰ্মসন্ধানী চিত্তচঞ্চল নিবনুৱা যুৱক হ'লেও জীৱন-পৰিক্ৰমাত লগ পোৱা ভিন্ন নাৰীৰ সৈতে যৌনতাৰ বেহা মেলিবলৈ দ্বিধাগ্ৰস্ত হোৱা নাই৷ অশান্তৰ দৰেই কামনাবিহ্বল নাৰীৰূপে দাঙি ধৰিছে ময়ূৰী, মিছেছ ৰাজখোৱা, কান্তা, চন্দনা আদি নাৰী চৰিত্ৰক৷ সামাজিক দৃষ্টিত অশ্লীল-অশোভন বুলি ধাৰণাৰ প্ৰচলন থাকিলেও শাৰীৰিক প্ৰবৃত্তিক প্ৰতিহত কৰাৰ ক্ষেত্ৰত মানুহ অতিকে দুৰ্বল হৈ পৰে৷ ফ্ৰেয়েডে মানুহক পৰিচালিত কৰা এনে কাম-প্ৰৱণতাক লিবিডো (libido) বা কামশক্তি বুলি অভিহিত কৰিছে৷ অশান্তৰ কাম-বাসনা য'তেই বাধাগ্ৰস্ত হৈছে, তাতেই অশান্তৰ ইগো (ego) বা অহংভাব শক্তিশালী হৈ দেখা দিছে৷ লেখকৰ বৰ্ণনাও উত্তপ্ত, আদিম৷ 'তেতিয়া মই মই হৈ থকা নাই, আদিম মানুহ হৈ পৰিছোঁ৷ কামনাৰ জুইত হাত সেকি মই উত্তপ্ত হৈ পৰিছোঁ৷ মোৰ দুবাহুত এজনী যৌৱন-চঞ্চলা নাৰী৷' (পৃঃ ৫৩)

হঠাৎ মোৰ মনৰ মাজতো যেন একুবা জুই জ্বলি উঠিল৷ মানুহৰ আদিম তৃষ্ণা৷ মোৰ শৰীৰত আদমৰ বক্ত৷' (পৃঃ ৫৮) যৌন-মনস্তত্ত্বই উপন্যাসখনত প্ৰাধান্য লাভ কৰিছে৷ কাল্পনিক অপৰাধবোধৰ জড়তাৰে আড়ষ্ট কুঞ্জনৰ অপৰাধবোধ, নৈৰাশ্য, মৃত্যুস্পৃহা

আদি তত্ত্বক উত্থাপন কৰিছে বন্যা ঢৌত ব-দ্বীপ উপন্যাসখনত৷ কুঞ্জনৰ পত্নী পাপৰিৰ আত্মহত্যা, কন্যা বৰ্ণালীৰ পথ দুৰ্ঘটনাত হোৱা মৃত্যু কুঞ্জনৰ বিষাদবোধ আৰু নৈৰাশ্যৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰাৰ মূল কাৰণ৷ অপৰাধবোধৰ অনুভূতিৰ পৰা মুক্ত হ'ব নোৱাৰাৰ বাবে কুঞ্জনৰ মনলৈ অহৰহ আত্মহত্যাৰ চিন্তা উদ্ভৱ হয়৷ থ্ৰিলাৰসদৃশ শিহৰণকাৰী এৰাসুতিৰ স্মৃতি উপন্যাসখনত অপৰাধী মনস্তত্ত্বৰ কাহিনী এটিব বৰ্ণনা আগবঢ়াইছে৷ শ্বিলঙৰ ভিতৰুৱা নংখলাও গাঁৱৰ এটি ডাকবঙলাৰ চকীদাৰৰ সুন্দৰী পত্নীক বঙলাটোৰ নিশাৰ অতিথিয়ে ধৰ্ষণ কৰি মুমূৰ্ষুপ্ৰায় কৰি এৰি থৈ যায়৷ পত্নীৰ মৃত্যুত মানসিকভাৱে বিধ্বস্ত হৈ পৰা চকীদাৰে সুদীৰ্ঘ সময় ধৰি আত্মগোপন কৰি থাকে যদিও বঙলাটোত নিশা যাপন কৰা অতিথিক সংগোপনে হত্যা কৰে৷ ডাকবঙলাৰ অতিথিসকলক হত্যা কৰি চকীদাৰে পত্নী-হত্যাৰ প্ৰতিশোধ চৰিতাৰ্থ কৰে৷ চকীদাৰৰ জিঘাংসু মনোবৃত্তি প্ৰতিশোধ আৰু প্ৰতিবাদ প্ৰবৃত্তিৰ বহিপ্ৰকাশ৷

কুমাৰ কিশোৰৰ সদ্যপ্ৰকাশিত শেহতীয়া উপন্যাস মৌচুমীৰ মোহ (২০২৩)৷ স্বামী পৰিত্যক্তা নাৰীৰ হৃদি গোপনত থকা কামনাই উদগ্ৰ হৈ প্ৰকাশৰ বাট বিচাৰে৷ পাৰিবাৰিক মৰ্যাদা ৰক্ষাৰ স্বাৰ্থত অৱদমিত কামনাই প্ৰকাশৰ সুযোগ লাভ নকৰে৷ লোকসংস্কৃতিৰ গৱেষণা-গ্ৰন্থ এখন ৰচনাৰ কৃতিত্ব লাভ কৰাৰ স্বাৰ্থত হত্যাৰ দৰে অপৰাধ সংঘটিত কৰা হৈছিল৷ পিতৃ হ'বলৈ অক্ষম অধ্যাপক দেবানন্দ চৌধুৰীয়ে এদিন আত্মহত্যা কৰে৷ উপন্যাসখনত প্ৰেম, অবৈধ সম্পৰ্ক ফাঁকে ফাঁকে মনস্তত্ত্বৰ তাত্ত্বিক প্ৰকাশ ঘটিছে৷

সাতসৰী ৷৷ মাৰ্চ ২০২৪


Post a Comment

0 Comments